মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ প্ৰাথমিক শিক্ষা

শিক্ষক শিক্ষা আৰু প্রশিক্ষণ

ডি.এল.এড. পাঠ্য়ক্ৰম

ডি.এল.এড.(মুক্ত আৰু দূৰ শিক্ষণ  প্ৰথা)ৰ অৱলোকন:

            আমাৰ গণতন্ত্ৰৰ আৰম্ভণিৰ পিছৰ পৰাই সাৰ্বজনীন প্ৰাথমিক শিক্ষাত শিক্ষকৰ ভূমিকাক স্বীকাৰ কৰা হৈছে। শিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ আইন,২০০৯ৰ ২১-A ধাৰাই আনুষঙ্গিক ব্যৱস্থাপনা প্ৰতিনিধিত্ব কৰে যাৰ অৰ্থ হল সকলো শিশুৰেই সন্তোষজনক আৰু যথাযথভাৱে অপ্ৰশিক্ষণপ্ৰাপ্ত শিক্ষকৰ নিয়োগ প্ৰদান কৰা হয়

            শিক্ষক শিক্ষা হৈছে শিক্ষক শিকন সংস্থাৰ বিষয়, যি শিক্ষকসকলক ছাত্ৰ-ছাত্ৰী সঞ্চালিত শ্ৰেণীকোঠাত পাঠদান কৰিব পৰাকৈ প্ৰস্তুত কৰি উলিয়ায়। আগৰ শতাব্দীৰ তুলনাত আজিৰ দিনত শিক্ষক শিক্ষা অতি গুৰুত্বপূৰ্ণ। এছ.চি.আৰ.টিয়ে আৰম্ভণিৰ পৰাই ৰাজ্যখনৰ গুণগত প্ৰাথমিক বিদ্যালয় শিক্ষা আৰু শিক্ষক শিক্ষাৰ উন্নতি লগত জড়িত হৈ আছে।

এছ.চি.আৰ.টিয়ে নিয়মিত/মুখামুখি  প্ৰথাৰ মাধ্যমেৰে শিক্ষকক পেছাদাৰীভাৱে সক্ষম কৰি আৰু শিক্ষাৰ গুণগত মান বৃদ্ধি কৰাৰ বাবে দুবছৰীয়া ডি.এল.এড. পাঠ্যক্ৰমৰ সঞ্চালন কৰি আহিছে।

এই পাঠ্যক্ৰমৰ প্ৰধান বৈশিষ্ট্যসমূহ হল –

            (১) অসমত কৰ্মৰত অপ্ৰশিক্ষণপ্ৰাপ্ত শিক্ষকসকলক প্ৰশিক্ষণ প্ৰদান কৰা

            (২) কাৰ্যকৰী শিক্ষক হিচাপে গঢ়ি তুলিবলৈ তেওঁলোকৰ মাজত জ্ঞান, দক্ষতা, ক্ষমতা আৰু পেছাদাৰিত্বৰ বিকাশ সাধন কৰিব লাগে

            (৩) তেওঁলোকে শিকাৰ সহায়কাৰী উপাদানসমূহ আৰু শিশুৰ বিকাশৰ কাৰকসমূহ উপলব্ধি কৰিব লাগে

            (৪) তেওঁলোকৰ মাজত বিদ্যালয়ৰ পাঠ্যক্ৰম আৰু পাঠ্য তালিকাৰ বিকাশ বিকশিত কৰিব লাগে

            (৫) শিক্ষণ শিকন প্ৰক্ৰিয়াত উদ্ভাৱনী পৰিৱৰ্তন আৰু বিকাশৰ লগত তেওঁলোকক পৰিচিত কৰি দিব লাগে

            (৬) সামাজিক, সাংস্কৃতিক আৰু ৰাজনৈতিক পৰিপ্ৰেক্ষিতত শিক্ষকসকলৰ ভূমিকা আৰু দায়িত্বৰ লগত তেওঁলোকক পৰিচিত কৰা দিব লাগে

            (৭) প্ৰশিক্ষণ প্ৰাৰ্থীসকলৰ মাজত কাৰ্যকৰী পেছাদাৰিত্বৰ বিকাশ ঘটোৱা

  • অসমৰ নেতৃস্থানীয় বাতৰি কাকতত প্ৰত্যেক বছৰে মাৰ্চ মাহত দুবছৰীয়া ডি.এল.এড. পাঠ্যক্ৰমৰ নামভৰ্তিৰ বিজ্ঞাপন প্ৰকাশিত হয়
  • প্ৰত্যেক বছৰে এপ্ৰিল/মে মাহত ডি.এল.এডৰ দুবছৰীয়া পাঠ্যক্ৰমত নামভৰ্তিৰ কাৰণে এক প্ৰি-এণ্ট্ৰী পৰীক্ষা অনুষ্ঠিত হয়
  • প্ৰত্যেক বছৰে জুন মাহত নামভৰ্তি হয়
  • প্ৰত্যেক বছৰে ১ জুলাইৰ পৰা পাঠ্যক্ৰম আৰম্ভ হয়
  • পাঠ্যক্ৰমৰ বিৱৰণ (যোগ্যতা/নামভৰ্তি আৰু অন্য মাচুল/চেমিষ্টাৰ আদি) অনুষ্ঠান-পত্ৰ উপলব্ধ
  • দুবছৰীয়া ডি.এল.এড. পাঠ্যক্ৰম পৰিচালনা কৰিবৰ কাৰণে ৰাষ্ট্ৰীয় শিক্ষক শিক্ষণ সংস্থাৰ কিছু সংখ্যক স্বীকৃতি লাভ কৰিছে

ডি.এল.এড.- দূৰ শিক্ষণ  প্ৰথা-

এছ.চি.আৰ.টিয়ে মুক্ত আৰু দূৰ শিক্ষণ (ODL)  প্ৰথাৰ মাধ্যমেৰে শিক্ষকক পেছাদাৰীভাৱে সক্ষম কৰি আৰু শিক্ষাৰ গুণগত মান বৃদ্ধি কৰাৰ বাবে দুবছৰীয়া ডি.এল.এড. পাঠ্যক্ৰমৰ সঞ্চালন কৰে

কৃষ্ণ কান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ অধীনত প্ৰাথমিক শিক্ষাত ডিপ্লোমা পাঠ্যক্ৰম

অসমত শিক্ষাৰ অধিকাৰ আইন(২০০৯)খন ১ এপ্ৰিল ১০১০ বৰ্ষৰ পৰা আৰম্ভ হয়। এই আইনখনত কোৱা হৈছে যে অসমৰ নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক স্তৰৰ শিক্ষকসকলৰ কিছু সংখ্যক অপ্ৰশিক্ষিত হৈ আছে। ইয়াৰ উপৰিও, অলপতে নিযুক্তি লাভ কৰা টেট উত্তীৰ্ণ শিক্ষকসকল যাৰ বি.এড. উপাধি আছে সেইসকলৰ বাহিৰে অন্যসকলৰ মাজত প্ৰচলিত শিক্ষক-প্ৰশিক্ষণৰ অভাৱ। মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ৰ নিৰ্দশ অনুযায়ী, ২০১৫ বৰ্যৰ ভিতৰত সকলো অপ্ৰশিক্ষিত শিক্ষকক প্ৰশিক্ষিত কৰিব লাগিব। দৰাচলতে এই বৃহত সংখ্যক শিক্ষকক মুখা-মুখি প্ৰথাৰে ইমান কম সময়ৰ ভিতৰত প্ৰশিক্ষিত কৰাটো সম্ভৱপৰ নহয়, সেইকাৰণে অসম চৰকাৰে এটা সিদ্ধান্ত উপনীত হৈছে যে এনে শিক্ষকসকলক শিক্ষাৰ দূৰ মাধ্যম প্ৰথাৰে প্ৰশিক্ষিত কৰা হব। ইয়াৰবাবে কৃষ্ণ কান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ক পাঠ্যক্ৰম প্ৰস্তুত কৰা আৰু শিক্ষক-শিক্ষক কাৰ্য্যক্ৰমক উন্নতি কৰাৰ দায়িত্ব অৰ্পণ কৰা হয়। এইদৰেই বিশ্ববিদ্যালয়খনে প্ৰাথমিক শিক্ষাত ডিপ্লোমা পাঠ্যক্ৰম স্থানীয় বিশেষজ্ঞসকলৰ বাহিৰেও এন.চি.টি.ই.ৰ নিৰ্দেশনাৰ আলোকত ডি.ই.চি আৰু ইগনোৰ বিশেষজ্ঞসকলৰ অকাডেমিক সমৰ্থনত ৰচনা আৰু বিকাশ কৰে আৰু অসম সৰ্ব শিক্ষা অভিযানৰ জৰিয়তে এন.চি.টি.ই.ত দাখিল কৰা হয়। এই পাঠ্যক্ৰমৰ সময়সীমা ২ বছৰ আৰু কেৱল মাত্ৰ অসম চৰকাৰৰ(সৰ্ব শিক্ষা অভিযান) দ্বাৰা নিৰ্বাচিত/ মনোনীত/প্ৰতিনিযুক্তি লাভ কৰা সকলে এই প্ৰশিক্ষণ কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে

 

Downloads
TitleSizeDetail
File intake_capacity-d.el_.ed_.docx21.13 KBswf-image