মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ প্ৰাথমিক শিক্ষা

প্ৰাথমিক শিক্ষা বিভাগৰ ইতিহাস

প্ৰাথমিক শিক্ষা বিভাগৰ ইতিহাস

ৰাজ্যখনত প্ৰাথমকি শিক্ষাৰ উন্নয়নৰ প্ৰতি লক্ষ্য ৰাখি ১৯৭৭ চনৰ পৰাই শিক্ষা বিভাগে কাম কৰি আছে। ২০০২ চনৰ সংবিধান সংশোধনী আইনৰ ২২-ক অনুচ্ছেদ অনুসৰি ৬ৰ পৰা ১৪ বছৰৰ সকলো শিশুকেই প্ৰাথমিক শিক্ষা লাভ বিনামূলীয়া আৰু বাধ্যতামূলক কৰা হয়। আৰু এই ক্ষেত্ৰত ৰাজ্যসমূহত আইন প্ৰণয়নৰ জৰিয়তে এই কাম ৰূপায়ণ কৰিবলৈ নিৰ্দেশ দিয়া হয়। সমাজত সমতা, সামাজিক ন্যায় আৰু গণতান্ত্ৰিক প্ৰমূল্যবোধক সজীৱ সচেতন কৰিবলৈ হ’লে প্ৰাথমিক শিক্ষাৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে আৰু ইয়েই হৈছে উক্ত আইনৰ মূলাধাৰ। ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাটোত এই কথা উল্লেখ আছে যে শিশুৰ শিক্ষা লাভৰ ক্ষেত্ৰত প্ৰয়োজনীয় সকলো আন্তঃগাঁথনি ৰাজ্যসমূহে প্ৰদান কৰিব লাগিব। আৰু এই শিক্ষা হ’ব লাগিব নিৰপেক্ষ আৰু সন্তোষজনক।

প্ৰাথমিক শিক্ষা বিভাগৰ অধীনস্থ সঞ্চালকালয়সমূহৰ ইতিহাস

ৰাজ্যখনত প্ৰাথমিক শিক্ষাৰ উন্নয়নৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখিয়েই ১৯৭৭ চনৰ জুলাই মাহত গুৱাহাটীৰ কাহিলিপাৰাত মুখ্য কাৰ্যালয় পাতি প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে কাম-কাজ আৰম্ভ কৰে। ইয়াৰ মুখ্য উদ্দেশ্য আছিল-(১) খণ্ড পৰ্যায়লৈ বিদ্যালয়সমূহৰ পৰিচালনাৰ বিকেন্দ্ৰীকৰণ কৰা, (২) সাৰ্বজনীন প্ৰাথমিক শিক্ষা বিস্তাৰৰ উদ্দেশ্যে যাৱতীয় কাৰ্যসূচী হাতত লোৱা। ৰাজ্যখনৰ প্ৰাথমিক শিক্ষাৰ প্ৰশাসনিক নিয়ন্ত্ৰণ, উন্নয়ন আৰু বিস্তাৰ, নিৰীক্ষণ, তদাৰক, মূল্যাংকনৰ দায়িত্ব এই সঞ্চালকালয়ক অৰ্পণ কৰা হৈছে। ৰাজ্যখনত কৰ্মৰত প্ৰাথমিক শিক্ষা বিষয়া আৰু সহ বিদ্যালয়সমূহৰ পৰিদৰ্শকসকলে এই কাৰ্যালয়ৰ অধীনত অথবা নিৰ্দেশনাত কাম কৰে।

এন.চি.আৰ.টি. ৰ ৰাজ্যিক পৰিপূৰক ৰাজ্যিক শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদে ১৯৪৫ চনৰ পৰাই বিদ্যালয়সমূহৰ শৈক্ষিক দিশক মানসম্পন্ন কৰাত আৰু কৰ্মৰত শিক্ষকসকলৰ যাৱতীয় প্ৰশিক্ষণৰ ব্যৱস্থা কৰি আহিছে। শিক্ষাৰ অধিকাৰ আইন ২০০৯ৰ ২৯(১) ধাৰা অনুসৰি ৰাজ্যসমূহত ৰাজ্যিক শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদে ৰাষ্ট্ৰীয় পাঠ্যক্ৰম ৰূপৰেখাত উল্লেখিত ধৰণে ভিন্ন মাধ্যমত ছাত্ৰ-ছাত্ৰীসকলৰ বাবে পাঠ্যপুথি প্ৰস্তুত কৰি আহিছে। ইয়াৰোপৰি এই পৰিষদে শিক্ষাৰ অধিকাৰ আইনৰ ২৩ নং ধাৰাত উল্লেখিত ধৰণে শিক্ষকসকলৰ বাবেও মানসম্পন্ন শিক্ষক শিক্ষাৰ ব্যৱস্থা গঢ়ি তোলাৰ বাবে কাম কৰি আহিছে। এই পৰিষদে পাঠ্যপুথি প্ৰস্তুতকৰণৰ উপৰিও ভিন ভিন সময়ত ৰাজ্যখনৰ প্ৰাথমিক শিক্ষাৰ ক্ষেত্ৰত তৃণমূল পৰ্যায়ত সন্মুখীন হোৱা সমস্যাসমূহৰ বিশ্লেষণাত্মক গৱেষণাৰ দ্বাৰা সমস্যা সমাধানৰ ওপৰত আৰু শিক্ষক প্ৰশিক্ষণ সংক্ৰান্তীয় উচ্চ মানসম্পন্ন পাঠ্যক্ৰম প্ৰস্তুতৰ দ্বাৰা পৰীক্ষামূলক আৰু চিন্তাশীল শৈক্ষিক পৰিৱেশ সৃষ্টিৰ ওপৰতো অহৰহ চেষ্টা কৰি আহিছে।

 

ভাৰতীয় কোম্পানী আইন, ১৯৫৬ চনৰ আধাৰত অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন সমবায় লিমিটেড স্থাপন কৰা হয়। অসম চৰকাৰৰ শিক্ষা বিভাগৰ (প্ৰাথমিক) অধীনস্থ ই এটা স্বতন্ত্ৰ সংস্থা। এই সমবায়ৰ দ্বাৰা ক শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে চৰকাৰৰ নিৰ্দেশনা অনুসৰি বিনামূলীয়া পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশ কৰা হয়।

 

১৯৮৬ চনত, অসম চৰকাৰৰ শিক্ষা বিভাগে ছ’চাইটিজ ৰেজিষ্ট্ৰেশ্যন আইন ১৮৬০ চনৰ অধীনত ইংৰাজী ভাষা শিক্ষা সংস্থা [LANGUAGE TEACHING INSTITUTE, ASSAM (ELTIA)] স্থাপন কৰে। এই সংস্থাই নিম্ন প্ৰাথমিক, উচ্চ প্ৰাথমিক আৰু উচ্চতৰ শ্ৰেণীৰ ইংৰাজী বিষয়ৰ শিক্ষকসকলৰ বাবে ভিন্ন প্ৰশিক্ষণৰ ব্যৱস্থা কৰি আহিছে।

 

অসম শিশু সাহিত্য ন্যাস অসম চৰকাৰে বিভাগীয় জাননী নং EPE,১৬/৮৫/৯৮, তাং ২৩ মাৰ্চ ১৯৮৭ৰ জৰিয়তে এই ন্যাস গঠন কৰে। সেই একেটা বছৰতে ন্যাসে পাঁচখন কিতাপ ইংৰাজীৰ পৰা অসমীয়ালৈ অনুবাদ কৰি প্ৰকাশ কৰে। সেই তেতিয়াৰ পৰা ন্যাসৰ উদ্যোগত ১৭৪খন কিতাপ প্ৰকাশ কৰা হৈছে আৰু ইয়াৰোপৰি এখন শিশু উপযোগী অভিধান আৰু ২৯খন শিশু নাটক সন্নিৱিষ্ট শিশু নাটৰ সংগ্ৰহ প্ৰকাশ কৰি উলিওৱা হৈছে। এই ন্যাসৰ প্ৰধান উদ্দেশ্য হৈছে সাহিত্য, কলা আৰু বিজ্ঞানক শিশুসকলৰ মাজত জনপ্ৰিয় কৰি শিক্ষাৰ প্ৰসাৰ, প্ৰচাৰ আৰু মান উন্নত কৰি প্ৰাথমিক শিক্ষাৰ লগতে শিল্পকলা, ভাস্কৰ্য, হস্ততাঁত আদি বিষয়ত সম্যক ধাৰণা প্ৰদান কৰা।

 

ৰেজিষ্ট্ৰছন চছাইটি আইন, ১৮৬০ ৰ অধীনত পঞ্জীয়নভূক্ত সৰ্ব শিক্ষা অভিযান ২০০১ বৰ্ষৰ পৰা অসমত আৰম্ভ কৰা হয় যাতে প্ৰাথমিক শিক্ষাত সাৰ্বজনীন প্ৰৱেশাধিকাৰৰ বাবে বিভিন্ন হস্তক্ষেপ প্ৰদানৰ জৰিয়তে আৰু লিংগ বৈষম্য আৰু সামাজিক ভেদাভেদ আঁতৰ কৰি এক গুণগত শৈক্ষিক পৰিৱেশ গঢ়ি তোলা। সৰ্ব শিক্ষা অভিযানৰ লগত অন্যান্য বিষয়সমূহো অৰ্ন্তভূক্ত যেনে- নতুন বিদ্যালয় স্থাপন আৰু বিকল্প বিদ্যালয়ৰ সুবিধা, বিদ্যালয় নিৰ্মাণৰ লগতে শ্ৰেণী কোঠাৰ ব্যৱস্থা, শৌচৈলয় আৰু খোৱা-পানীৰ ব্যৱস্থা, শিক্ষক আৰু নিয়মিত শিক্ষকৰ বাবে শৈক্ষিক প্ৰশিক্ষণ সেৱা আৰু বিনামূলীয়া পাঠ্যপুথি আৰু ইউনিফৰ্ম আৰু শিকাৰ স্তৰ ও ফলাফলৰ উন্নতিৰ বাবে সমৰ্থন।