মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ প্ৰাথমিক শিক্ষা

ভবিষ্যদৰ্শন আৰু অভিযান

আমাৰ সপোন

উচ্চ মানসম্পন্ন শিক্ষা প্ৰদানেৰে ৬ৰ পৰা ১৪ বছৰ বয়স সীমাৰ মাজৰ সকলো শিশুৰে সাৰ্বিক উত্তৰণ সাধন কৰা

অভিযান

১। ৰাষ্ট্ৰীয় ঐক্য স্থাপনৰ ক্ষেত্ৰত থকা শিক্ষাৰ চাৰিত্ৰিক বৈশিষ্ট্যক প্ৰাথমিক পৰ্যায়তো প্ৰতিভাত কৰা।

২। বিদ্যালয় পৰ্যায়ৰ শিক্ষা আৰু সাহিত্যৰ মান উন্নয়নৰ জৰিয়তে সাংবিধানিক প্ৰমূল্যৰ প্ৰতি দায়বদ্ধতা প্ৰকাশ কৰা এখন সমাজ গঢ়াৰ প্ৰয়াস কৰা।

৩। ২০০৯ চনৰ শিক্ষা অধিকাৰ আইনত প্ৰকাশ কৰাৰ দৰে সকলো শিশুৰ বাবে মিনামূলীয়া আৰু বাধ্যতামূলকভাৱে প্ৰাথমিক শিক্ষা সম্ভৱ কৰি তোলা।

৪। প্ৰাথমিক শিক্ষাৰ ক্ষেত্ৰত সকলো শিশুৰ বাবে সাৰ্বজনীন সুযোগ আৰু সমতা নিশ্চিত কৰা, বিশেষকৈ পাৰ্বত্য আৰু প্ৰত্যন্ত এলেকাৰ শিশুসকল যাতে বঞ্চিত হবলগীয়া নহয়, সেই ক্ষেত্ৰত সতৰ্ক হোৱা।