মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ প্ৰাথমিক শিক্ষা

এচ্. চি.ই.আৰ.টি অধীনত ডি. এল্. এড্.

ডি.এল.এড.(নিয়মিত)

            আমাৰ গণতন্ত্ৰৰ আৰম্ভণিৰ পিছৰ পৰাই সাৰ্বজনীন প্ৰাথমিক শিক্ষাত শিক্ষকৰ ভূমিকাক স্বীকাৰ কৰা হৈছে। শিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ আইন,২০০৯ৰ ২১-A ধাৰাই আনুষঙ্গিক ব্যৱস্থাপনা প্ৰতিনিধিত্ব কৰে যাৰ অৰ্থ হল সকলো শিশুৰেই সন্তোষজনক আৰু যথাযথভাৱে প্ৰতিশক্ষণপ্ৰাপ্ত শিক্ষকৰ নিয়োগ প্ৰদান কৰা হয়।

            শিক্ষক শিক্ষা হৈছে শিক্ষক শিকন সংস্থাৰ বিষয়, যি শিক্ষকসকলক ছাত্ৰ-ছাত্ৰী সঞ্চালিত শ্ৰেণীকোঠাত পাঠদান কৰিব পৰাকৈ প্ৰস্তুত কৰি উলিয়ায়। আগৰ শতাব্দীৰ তুলনাত আজিৰ দিনত শিক্ষক শিক্ষা অতি গুৰুত্বপূৰ্ণ। এছ.চি.আৰ.টিয়ে আৰম্ভণিৰ পৰাই ৰাজ্যখনৰ গুণগত প্ৰাথমিক বিদ্যালয় শিক্ষা আৰু শিক্ষক শিক্ষাৰ উন্নতি লগত জড়িত হৈ আছে। এছ.চি.আৰ.টিয়ে নিয়মিত/মুখামুখি  প্ৰথাৰ মাধ্যমেৰে শিক্ষকক পেছাদাৰীভাৱে সক্ষম কৰি আৰু শিক্ষাৰ গুণগত মান বৃদ্ধি কৰাৰ বাবে দুভচৰীয়া ডি.এল.এড. পাঠ্যক্ৰমৰ সঞ্চালন কৰি আহিছে। এই পাঠ্যক্ৰমৰ প্ৰধান বৈশিষ্ট্যসমূহ হল –

            (১) অসমত কৰ্মৰত অপ্ৰশিক্ষণপ্ৰাপ্ত শিক্ষকসকলক প্ৰশিক্ষণ প্ৰদান কৰা।

            (২) কাৰ্যকৰী শিক্ষক হিচাপে গঢ়ি তুলিবলৈ তেওঁলোকৰ মাজত জ্ঞান, দক্ষতা, ক্ষমতা আৰু পেছাদাৰিত্বৰ বিকাশ সাধন কৰিব লাগে।

            (৩) তেওঁলোকে শিকাৰ সহায়কাৰী উপাদানসমূহ আৰু শিশুৰ বিকাশৰ কাৰকসমূহ উপলব্ধি কৰিব লাগে।

            (৪) তেওঁলোকৰ মাজত বিদ্যালয়ৰ পাঠ্যক্ৰম আৰু পাঠ্য তালিকাৰ বিকাশ বিকশিত কৰিব লাগে।

            (৫) শিক্ষণ শিকন প্ৰক্ৰিয়াত উদ্ভাৱনী পৰিৱৰ্তন আৰু বিকাশৰ লগত তেওঁলোকক পৰিচিত কৰি দিব লাগে।

            (৬) সামাজিক, সাংস্কৃতিক আৰু ৰাজনৈতিক পৰিপ্ৰেক্ষিতত শিক্ষকসকলৰ ভূমিকা আৰু দায়িত্বৰ লগত তেওঁলোকক পৰিচিত কৰা দিব লাগে।

            (৭) প্ৰশিক্ষণ প্ৰাৰ্থীসকলৰ মাজত কাৰ্যকৰী পেছাদাৰিত্বৰ বিকাশ ঘটোৱা।