মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ প্ৰাথমিক শিক্ষা

গুণোৎসৱ

গুণোৎসৱ

শিক্ষাৰ অধিকাৰ আইন ২০০৯ দ্বাৰা ভাৰতবৰ্ষৰ ৬ ৰ পৰা ১৪ বছৰৰ আয়ুৰ সকলো শিশুৰ বাবেই প্ৰাথমিক শিক্ষা লাভ কৰাটো বাধ্যতামূলক আৰু বিনামূলীয়া কৰি শিশুসকলে শিক্ষা লাভ কৰাটো সাংবিধানিক অধিকাৰ হিচাপে স্বীকৃতি প্ৰদান কৰিছে। এই আইনৰ ২৯ নং ধাৰা অনুসৰি প্ৰতিটো শিশুৱেই মান সম্পন্ন, সাৰ্বিক আৰু শিশুৰ বাবে অনুকুল পৰিবেশত শিক্ষা লাভ কৰাটো প্ৰতিটো শিশুৰেই অধিকাৰ হিচাপে স্বীকৃতি প্ৰদান কৰিছে। এই আইনৰ নিৰ্দেশাৱলীকেই শিৰোগত কৰি প্ৰাথমিক স্তৰত গুণগত শিক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। বিগত সময়ছোৱাত চৰকাৰৰ তৰফৰ পৰা শৈক্ষিক ফলাফল বৃদ্ধিৰ উদ্দেশ্যে ভিন্ন ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ইয়াৰ ভিতৰত ৰাষ্ট্ৰীয় পাঠ্যক্ৰম ৰূপৰেখাৰ অধাৰত  পাঠ্যক্ৰম যুগুত কৰা, শিক্ষকসকলৰ বাবে প্ৰশিক্ষণৰ ব্যৱস্থা কৰা, যোগ্যতাসম্পন্ন শিক্ষক নিযুক্তি আৰু কাৰ্যকলাপ ভিত্তিক শিক্ষাৰ বাস্তৱায়ন আদিও উল্লেখযোগ্য।

এই মূহূৰ্তত শৈক্ষিক ফলাফলসমূহৰ বিশ্লেষণ কৰি শৈশিক দিশত থকা সমস্যাসমুহ  চিহ্নিত কৰি যথোচিত প্ৰতিকাৰমূলক ব্যৱস্থা গ্ৰহণৰ প্ৰয়োজনীয়ত আহি পৰিছে।

শিক্ষাৰ গুণগত মান সম্পৰ্কে ৰাজ্য চৰকাৰো বিশেষভাৱে সচেতন। সেই উদ্দেশ্য সাধনৰ বাবেই ৰাজ্য চৰকাৰে ‘গুণোৎসৱ- মানৰ উৎসৱ’ নামেৰে ২০১৭ বৰ্ষৰ পৰা এটি পদক্ষেপ হাতত লৈছে। এইয়া হৈছে ৰাজ্য চৰকাৰ, সৰ্ব শিক্ষা অভিযান, অসম ৰাজ্যিক শিক্ষা গৱেষণা সংস্থা আৰু প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ এটি সন্মিলিত প্ৰচেষ্টা। আৰম্ভণিতে ৰাজ্যখনৰ বৰপেটা, চিৰাং, ডিব্ৰুগড়, হাইলাকাণ্ডি, কামৰূপ মহানগৰ, লক্ষীমপুৰ, মৰিগাওঁ আৰু পশ্চিম কাৰ্বি আংলং এই আঠখন জিলা সামৰি এই কাৰ্যাৱলী হাতত লোৱা হৈছে।

গুণোৎসৱৰ উদ্দেশ্য

    শৈক্ষিক ফলাফল বৃদ্ধি কৰি গুণগত প্ৰাথমিক শিক্ষা সুনিশ্চিত কৰা।

গুণোৎসৱৰ প্ৰধান বৈশিষ্টসমূহ

১) গুণগত শিক্ষা সৰ্ম্পকে সকলো হিতাধীকাৰীৰ মাজতেই এটি উচ্চ প্ৰাথমিকতাৰ ভাৱনা সম্প্ৰসাৰণ কৰা।

২) মূল্যাংকণৰ প্ৰক্ৰিয়াৰ অংশ হিচাপে ৰাজ্যখনৰ শীৰ্ষৰ আই.এ.এছ., আই.পি.এছ., প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ বিষয়াসকল আৰু মন্ত্ৰী বিধায়কসকলৰ যোগদান আৰু বিদ্যালয় পৰিদৰ্শন।

৩)আঁচনি প্ৰস্তুতৰ বাবে মূল্যাংকণৰ সময়ছোৱাত প্ৰাপ্ত শৈক্ষিক সমস্যা, ভূল ধাৰণা, পাৰদৰ্শিতা আৰু সাধাৰণ ভূল ভ্ৰান্তিসমূহক আধাৰ হিচাপে গ্ৰহণ কৰা।

বৰ্হিঃ মূল্যায়ক কোন হ’ব ?

১)  সন্মানীয় মন্ত্ৰী, বিধায়ক, ৰাজ্য চৰকাৰৰ শীৰ্ষৰ আমোলা আই.এ.এছ., আই.পি.এছ., প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ বিষয়াসকল, বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ৰ শিক্ষক।

বৰ্হিঃ মূল্যায়নৰ প্ৰয়োজনীয়তা

১)  নিৰপেক্ষ মূল্যায়ন

২) উৎসাহ আৰু অনুপ্ৰেৰণা যোগোৱা।

 

অসমত গুণোৎসৱৰ প্ৰয়োজনীয়তা

১৯৮৬ চনত কাৰ্যকৰী কৰা ৰাষ্ট্ৰীয় শিক্ষা নীতিটো প্ৰাথমিক শিক্ষাৰ ক্ষেত্ৰত নিয়মীয়া আৰু ব্যাপক মূল্যায়নৰ কথা উল্লেখ কৰা হৈছে। এই নীতিয়ে মূল্যায়নৰ ক্ষেত্ৰত শিশুৰ পাৰদৰ্শিতাৰ লগতে সহঃ বিদ্যায়তনিক কাৰ্য্যসমূহতো মূল্যায়ন কৰাৰ কথা উল্লেখ কৰিছে।

২০০৫ চনৰ পৰা কাৰ্য্যকৰী হোৱা ৰাষ্ট্ৰীয় পাঠ্যক্ৰম ৰূপৰেখাটো পৰীক্ষাৰ ক্ষেত্ৰত সংশোধন আনি শিশুৰ ওপৰত থকা মানসিক ছাপ কম কৰি নিয়মিত আৰু বিস্তাৰিত মূল্যায়নৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

চি.চি.ই

বৰ্তমানৰ মূল্যায়ন এই পদ্ধতি / ধাৰণাৰ ওপৰত কৰা হৈ আছে। চি.চি. ই.ৰ জৰিয়তে মূল্যায়ন কৰাৰ সময়ত শিশুৰ নিয়মিত বিকাশ আৰু শৈক্ষিক উন্নয়ন পৰ্য্যালোচনা কৰা হয়। যত  বিদ্যায়তনিক আৰু সহঃ বিদ্যায়তনিক দুয়োটাকে সামৰি লোৱা হয়।

শিক্ষাৰ অধিকাৰ আইন ২০০৯ত প্ৰাথমিক শিক্ষাৰ গুণগত মানৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰা হৈছে, যিহেতু এই শিক্ষাই হৈছে শিশুৰ শৈক্ষিক বুনিয়াদ।

বহনক্ষম উন্নয়ন লক্ষ্য নং ৪ তো সঠিক আৰু গুণগত প্ৰাথমিক আৰু উচ্চতৰ শিক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰি ২০৩০ বৰ্ষৰ ভিতৰত কাৰ্য্যক্ষম  শৈক্ষিক ফলাফল লাভৰ ওপৰত চিন্তা- চৰ্চা কৰা হৈছে। সেয়েহে গুণগত শৈক্ষিক পৰিৱেশ গঠনৰ ক্ষেত্ৰত সকলোৰে সহায় সহযোগিতা অপৰিহাৰ্য্য।

অসম চৰকাৰ সকলো শিশুকে গুণগত প্ৰাথমিক শিক্ষা প্ৰদানৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। সেয়েহে ৰাজ্য চৰকাৰে গুজৰাট চৰকাৰৰ আৰ্হিত ৰাজ্যখনৰ বিদ্যালয়সমূহত ২০১৭ বৰ্ষৰ পৰা গুণোৎসৱৰ শুভাৰম্ভ কৰিছে। এই সৰ্ম্পকে আমাৰ মাননীয় শিক্ষা মন্ত্ৰী দেৱে তেওঁৰ বাজেট অধিবেশনত গুণোৎসৱৰ ঘোষণা কৰে।

প্ৰথম পৰ্যায়ৰ গুণোৎসৱ ২০১৭ বৰ্ষৰ ৪ ৰ পৰা ১৭ এপ্ৰিললৈ অনুস্থিত কৰা হয়। প্ৰথম পৰ্য্যায়ত বৰপেটা, চিৰাং, ডিব্ৰুগড়, হাইলাকাণ্ডি, কামৰূপ মহানগৰ, লক্ষীমপুৰ, মৰিগাওঁ আৰু পশ্চিম কাৰ্বি আংলং এই আঠখন জিলা সামৰি লোৱা হয়। এই পৰ্য্যায়ত জিলাকেইখনৰ চৰকাৰী আৰু চাহ- বাগিছা কৰ্তৃপক্ষৰ দ্বাৰা পৰিচালিত বিদ্যালয়সমূহ সামৰি লোৱা হয়। এই গুণোৎসৱত সমৰি লোৱা বিদ্যালয় মূল্যায়ণৰ চাৰিটা দিশ হ’ল-শিশুৰ শৈক্ষিক পাৰদৰ্শিতা, সহঃ বিদ্যায়তনিক কাৰ্য্য, বিদ্যালয়ৰ আন্তঃগাঁথনি আৰু অন্যান্য সা- সুবিধাৰ অৱস্হিতি আৰু সমাজৰ অংশগ্ৰহণ। প্ৰতিগৰাকী বৰ্হিঃ মূল্যায়কে তিনিটা দিনত(৫, ৬ আৰু ৭ এপ্ৰিল) তিনিখন বিদ্যালয় পৰিদৰ্শন কৰে। মূল্যায়কসকলে এই কেইটা দিনত বিদ্যালয়ৰ প্ৰাৰ্থনা সভাৰ পৰা গোটেই দিনটো বিদ্যালয়ত কটায়। এই বৰ্হিঃ মূল্যায়কসকলে বিদ্যালয় পৰিদৰ্শনৰ ভিত্তিত লাভ কৰা অভিজ্ঞতাসমূহক পিছৰ পৰ্য্যায়ৰ আঁচনি যুগুত কৰাৰ সময়ত সমল হিচাপে ব্যৱহাৰ কৰা হ’ব।

২০১৭ চনৰ ছেপ্তেম্বৰ মাহৰ ১৯ ৰ পৰা ২২ তাৰিখৰ ভিতৰত ৰাজ্যখনত দ্বিতীয় পৰ্য্যায়ৰ গুণোৎসৱ আৰম্ভ কৰা হ’ব। বিদ্যালয়ৰ মূল্যায়কন শেষ নোহোৱা পৰ্য্যন্ত তেওঁলোকে ৰাতিপুৱাৰ পৰা গোটেই দিনটো কটাইছিল। নীতি প্ৰণয়ন আৰু প্ৰাথমিক শিক্ষাৰ মান উন্নয়নৰ কাৰ্যকৰী কৌশল নিৰ্ধাৰণৰ কাৰণে তেওঁলোকৰ পৰ্য্যবেক্ষণ আৰু অনুমোদনক বিবেচনা কৰা হব।

গুণোৎসৱৰ দ্বাৰা নিম্নোক্ত ফলাফলসমূহ আশা কৰা হৈছে-

(১) প্ৰাথমিক স্তৰত শিশুৰ সকলো বিষয়ত থকা শৈক্ষিক পাৰদৰ্শিতাক বিচাৰ কৰা।

(২)শৈক্ষিক দিশত থকা সমস্যাসমূহ বিচাৰি উলিওৱা।

(৩) এই সমস্যাসমূহৰ প্ৰতিকাৰমূলক ব্যৱস্থা গ্ৰহণ কৰা।

(৪) নিয়মিত পৰ্য্যালোচনাৰ মাধ্যমত শিশুৰ শৈক্ষিক দিশৰ উন্নয়ন সাধন কৰা আৰু এই ক্ষেত্ৰত সহায়- সহযোগিতা প্ৰদান কৰা।

(৫) শিশুৰ নামভৰ্তি কৰা বৃদ্ধি কৰা আৰু বিদ্যালয় বৰ্হিভূতঃ শিশুৰ সংখ্যা হ্ৰাস কৰা।

(৭) বিদ্যালয় পৰিচালনাৰ দিশসমূহ সুনিশ্চিত কৰা।