মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ প্ৰাথমিক শিক্ষা

শিশু সাহিত্য ন্যাস

লক্ষ্য আৰু উদ্দেশ্য

লক্ষ্য আৰু উদ্দেশ্য

১। গ্ৰন্থ আৰু আলোচন আদি প্ৰকাশৰ জৰিয়তে শিশুসকলৰ মাজত শিক্ষাৰ মান উন্নত কৰা, সাহিত্য, কলাৰ লগতে অন্যান্য বিষয়ৰ বহল চৰ্চাৰে জ্ঞানৰ পৰিসৰ বৃদ্ধিত অৰিহণা যোগোৱা।

২। শিশু উপযোগী বিভিন্ন তথ্য ভিত্তিক গ্ৰন্থ ৰচনাৰ বাবে লেখক লেখিকাসকলক উদগণি দিব পৰাকৈ গ্ৰন্থস্বত্বৰ মাননি, ৰয়েল্টী, জলপানি, বঁটা কিম্বা উপহাৰ আদিৰ অনুমোদন জনোৱা।

৩। শিশুসকলৰ মাজত প্ৰাথমিক শিক্ষা প্ৰদান কৰাৰ লগতে কলা, ভাস্কৰ্য, অন্যান্য হস্তশিল্পৰ জ্ঞান বৰ্দ্ধনৰ দিহা কৰা।

৪। শিশু সাহিত্যৰ ৰচনা অথবা আলোচনী আদিৰ প্ৰণয়ন প্ৰকাশন আদিৰ বষয়ে লেখক-লেখিকা তথা কলা-কুশলীসকলক প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰা।

৫। বিদ্যালয়, পুঁথিভড়াল, ছত্ৰ-ছাত্ৰীৰ আৱাস, পঠন গৃহ আদিৰ তদাৰকী আৰু পৰিচালনাত সহযোগিতা আগবঢ়োৱা।

৬। শিশুসকলৰ মাজত বিভিন্ন বিষয়ৰ চৰ্চাৰ প্ৰসাৰ ঘটাই জঞানৰ উত্তৰণ সাধন কৰাৰ উদ্দেশ্যে তৰ্ক প্ৰতিযোগিতা, আলোচনা চক্ৰ আদি অনুষ্ঠিত কৰা।

৭। শিশু উপযোগী বিভিন্ন বিষয়ৰ গ্ৰন্থৰ ৰচনা, সম্পাদনা, সংকলন কৰা, অনুবাদ কৰা অথবা প্ৰকাশৰ বেলিকা পৃষ্ঠপোষকতা কৰাৰ লগতে আগ্ৰহীসকলক সহযোগিতা আগবঢ়োৱা।

৮। ন্যাসে প্ৰকাশ কৰি উলিওৱা গ্ৰন্থ-পত্ৰিকাসমূহৰ প্ৰচাৰ, প্ৰসাৰ তথা বিপণনৰ ব্যৱস্থা কৰা।

৯। শিশু যাদুঘৰ প্ৰতিষ্ঠা কৰা, আৰু

১০। ন্যাসৰ বাবে সময়ে সময়ে প্ৰয়োজন হোৱা কাম-কাজ সম্পন্ন কৰা।