সমীক্ষা আৰু কাৰ্যক্ৰমণিকা
১৯৮৭ চনৰ ২৩ মাৰ্চত জাৰি কৰা ই.পি.ই ১৬/৮৫/৯৮ নং অধিসূচনাৰ জৰিয়তে অসম চৰকাৰে অসম শিশু সাহিত্য ন্যাস (চিল্ড্ৰেণ লিটাৰেৰী ট্ৰাষ্ট, অসম)ৰ শুভাৰম্ভ ঘোষণা কৰে। ২০১২ চনত এই ন্যাসে ২৫টা বৰ্ষ সম্পূৰ্ণ কৰিছে।
কাৰ্যক্ৰমণিকা
১৯৮৭ চনত ইংৰাজীৰ পৰা অসমীয়ালৈ অনুবাদ কৰা পাঁচখন গ্ৰন্থৰ প্ৰকাশনীৰো ন্যাসে গ্ৰন্থ প্ৰকাশক হিচাপে আত্মপ্ৰকাশ কৰিছিল। ইতিমধ্যে সিশু সাহিত্য ন্যাস অসমে দুটা বিশেষভাৱে উল্লেখনীয় সাফল্যৰ লগতে ১৭৪টা সাফল্য নিজৰ নামত লিপিবদ্ধ কৰিবলৈ সক্ষম হৈছে। ন্যাসৰ বিশেষ সাফল্য দুটা হৈছে- এখন বিস্তৃত আকাৰৰ সিশু অভিধানৰ প্ৰণয়ন আৰু প্ৰকাশ আৰু আনটো হল ২৯খন শিশু নাটৰ- একত্ৰ সংকলনৰ প্ৰকাশ।
ইফালে, জনসজাগতা সৃষ্টিৰ লক্ষ্য আগত ৰাখি শিশু সাহিত্য ন্যাস, অসমে ২০০৮ চনৰ ৩০ অক্টোবৰত সংঘটিত ধাৰাবাহিক বোমা বিস্ফোৰণত নিহতসকলৰ সোঁৱৰণত গুৱাহাটীত সদৌ অসম ভিত্তিক দেশপ্ৰেমূলক গীতৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰিছে।