মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ প্ৰাথমিক শিক্ষা

মধ্যাহ্ন ভোজন

  মধ্যাহ্ন ভোজন

MDM

১৯২৫ চনৰ তেতিয়াৰ মুম্বাই পৌৰনিগমৰ অৰ্ন্তগত কেইখনমান বিদ্যালয়ত সাজৰ পিছপৰা শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে মধ্যাহ্ন ভোজনৰ ব্যৱস্হা কৰা হৈছিল। ১৯৮০ চনৰ শেষৰ ভাগলৈ ভাৰতবৰ্ষৰ তিনিখন ৰাজ্য- গুজৰাট, কেৰেলা আৰু তামিলনাডু আৰু এখন কেন্দ্ৰীয় শাসিত অঞ্চল পণ্ডিচেৰীত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে মধ্যাহ্ন ভোজনৰ ব্যৱস্হা কৰা হয় । ১৯৯০-৯১ চনৰ ভিতৰত দেশৰ ১২খন ৰাজ্যত এই ব্যৱস্হাৰ প্ৰচলন হয়।

১) ১৯৯৫ চনৰ ১৫ আগষ্টত পৰীক্ষামূলকভাৱে দেশৰ ২৪০৮ টা শিক্ষাখণ্ড সামৰি প্ৰাথমিক শিক্ষাখণ্ডত পৰিপুষ্ট সহায়ক এক ৰাষ্ট্ৰীয় আঁচনি যুগুত কৰি উলিওৱা হয়। এই আঁচনিৰ উদ্দেশ্য আচিল বিদ্যালয়সমূহত ছাত্ৰ- ছাত্ৰীৰ উপস্হিতি, নামভৰ্তি বৃদ্ধি কৰা আৰু লগেত বিদ্যালয়সমূহত বিনামূলীয়া পুষ্টিদায়ক খাদ্যাৰ জৰিয়েত অপুষ্টিৰ বিৰুদ্ধে থিয় দিয়া। ১৯৯৭-৯৮ চনৰ ভিতৰত দেশৰ সকলো খণ্ডক সামিৰ এটি আঁচনি ৰূপায়ন কৰা হয়। ২০০২ বৰ্ষৰ পৰা শিক্ষা সুনিশ্চিত কৰা আঁচনি আৰু বিকাশ আৰু উদ্ভাৱনী শিক্ষা কেন্দ্ৰসমূহকো সামৰি লোৱা হয়। এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা প্ৰতিগৰাকী শিক্ষকৰ বিপৰীতে প্ৰতিদিন হিচাপত বিনামূলীয়া ১০০ গ্ৰাম খাদ্য যোগান আৰু প্ৰতি কুইণ্টলৰ বিপৰীতে ৫০ টকাকৈ ধাৰ্য্য কৰা হৈছিল।

২) ২০০৪ বৰ্ষত এই আঁচনিখনৰ পুনৰীক্ষণ কৰি প্ৰথমৰ পৰা পঞ্চম শ্ৰেণীৰ প্ৰতিগৰাকী ছাত্ৰ- ছাত্ৰীৰ বিপৰীতে প্ৰতিদিন হিচাপত ৩০০ কেলৰি আৰু ৮ ৰ পৰা ১২ গ্ৰাম প্ৰটিনযুক্ত পোৱাটো সুনিশ্চিত কৰা হয়। বিনামূলীয়া খাদ্য সামগ্ৰী যোগানৰ উপৰিও কেন্দ্ৰীয় চৰকাৰে এইক্ষেত্ৰত (ক) ৰন্ধনৰ ব্যয় প্ৰতি দিনে প্ৰতি গৰাকী ছাত্ৰ- ছাত্ৰীৰ বিপৰীতে ১ টকাকৈ, (খ) পূৰ্বৰ প্ৰতি কুইণ্টলত ৫০ টকাৰ বিপৰীতে ১০০ টকা বিশেষ ৰাজ্যৰ মৰ্যদাপ্ৰাপ্ত ৰাজ্যলৈ আৰু ৭৫ টকা অন্য ৰাজ্যলৈ যাতায়তৰ বাবদ ৰাজ সাহাৰ্য্য বৃদ্ধি কৰে, (গ) ব্যৱস্থাপনা, পৰ্যালোচনা আৰু নিৰীক্ষণৰ বাবদ মুঠ ব্যয়ৰ ওপৰত ২% ওপৰঞ্চি ৰাজসাহাৰ্য্য প্ৰদান কৰে। (ঘ) খৰাং পিড়ীত অঞ্চলত গ্ৰীষ্মকালীন বন্ধৰ সময়তো মধ্যাহ্ন ভোজনৰ ব্যৱস্থা কৰে।

৩) ২০০৬ বৰ্ষৰ জুলাই মাহত এই আঁচনিখন পুনৰবাৰ সংশোধিত কৰি- (ক) উত্তৰ- পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনক ৰন্ধন ব্যয় ১.৮০ টকা কেন্দ্ৰীয় চৰকাৰৰ আৰু .২০ টকা ৰাজ্য চৰকাৰৰ তৰফৰ পৰা অনুদান হিচাপে, (খ) আৰু অন্য ৰাজ্যৰ ক্ষেত্ৰত প্ৰতি গৰাকী ছাত্ৰ- ছাত্ৰীৰ বিপৰীতে প্ৰতিটো শৈশিক দিন অনুসৰি ধাৰ্য্যকৃত ১.৫০ টকাৰ .৫০ টকা অনুদান ৰাজ্য চৰকাৰৰ তৰফৰ পৰা দিবলৈ কোৱা হয়।

(৪) ২০০৭ বৰ্ষৰ অক্টোবৰ মাহত, দেশৰ প্ৰায় ৩৪৭৯ টা শৈশিকভাৱে পিছপৰা খণ্ডত এই আঁচনিৰ অধীনত উচ্চ প্ৰথমিক ( ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণী) ৰ ছাত্ৰ- ছাত্ৰীসকলক অৰ্ন্তভূক্তি কৰা হয়। ২০০৮ বৰ্ষৰ ১ এপ্ৰিলৰ পৰা সৰ্ব শিক্ষা অভিযানৰ জৰিয়তে এই আঁচনিয়ে দেশৰ সকলোবোৰ চৰকাৰী আৰু চৰকাৰী সাহাৰ্যপ্ৰাপ্ত বিদ্যালয়, উচ্চ প্ৰাথমিক বিদ্যালয়, মাদ্ৰাছা আৰু মুক্তাৱক সামৰি লয়। উচ্চ প্ৰাথমিক বিদ্যালয় ছাত্ৰ- ছাত্ৰীৰ বাবে প্ৰতি দিনে প্ৰতি গৰাকীৰ বিপৰীতে ৭০০ কেলৰি ২০ গ্ৰাম প্ৰটিনযুক্ত খাদ্য আৰু ১৫০ গ্ৰাম খাদ্য সামগ্ৰী ধাৰ্য কৰা হয়।

(৫) ২০০৯ বৰ্ষৰ পৰা আঁচনিনক আৰু অধিক ফলপ্ৰসূ কৰিবলৈ নিম্নোলিখিত ব্যৱস্থাসমূহ গ্ৰহণ কৰা হয়-

       (১) মানসম্পন্ন খাদ্য যোগানৰ স্বাৰ্থত প্ৰতি গৰাকী শিশুৰ বিপৰীতে প্ৰতি দিন হিচাপত ২৫ ৰ পৰা ৩০ গ্ৰাম মাহজাতীয় খাদ্য, শাক- পাচলি ৫ ৰ পৰা ৭৫ গ্ৰামলৈ তৈলজাত  খাদ্যৰ পৰিমাণ ১০ গ্ৰামৰ পৰা ৭.৫ গ্ৰামলৈ বৃদ্ধি কৰা হয়।

      (২) একেদৰে ৰন্ধন ব্যয়ও ১.৬৮ টকাৰ পৰা ২.৫০ টকালৈ প্ৰাথমিক স্তৰৰ বাবে আৰু ২.২০  ৰ পৰা  ৩.৭৫ টকা উচ্চ প্ৰাথমিকৰ বাবে ধাৰ্য কৰা হয়। আনহাতে ২০১০ বৰ্ষৰ ১ এপ্ৰিলৰ পৰা কাৰ্য্যকৰী হোৱাকৈ প্ৰতিগৰাকী প্ৰথমিক বিদ্যালয়ৰ ছাত্ৰ- ছাত্ৰীৰ বিপৰীতে ৰন্ধন ব্যয় ২.৬৯ টকাক বৃন্ধি কৰি ৪.০৩ টকা কৰা হয় যাতে ছাত্ৰ- ছাত্ৰীসকলে উন্নত আৰু উপযুক্ত পৰিমণৰ খাদ্য লাভ কৰিব পাৰে। ২০১১ বৰ্ষৰ ১ এপ্ৰিলৰ পৰা সক্ষম কৰ্তৃপক্ষৰ অনুমোদন সাপেক্ষে ৰন্ধন ব্যয় প্ৰতি বছৰে ৭.৫% লৈ বৃদ্ধি কৰা হ’ব।

       (৩) এইক্ষেত্ৰত ৰন্ধনী আৰু সহায়কৰ মাননি প্ৰতিগৰাকী ছাত্ৰ- ছাত্ৰীৰ বিপৰীতে .৪০ টকাকৈ ধাৰ্য কৰা হয়। কিন্তু মাননিৰ পৰিমাণ কম হোৱা হেতুকে কোনো কোনো ঠাইত মধ্যাহ্ন ভোজনৰ বাবে ৰন্ধনী আথবা সহায়ক নিয়োগ কৰাটো অসম্ভৱপ্ৰায় হৈ পৰিছিল। সেয়েহে এই সমস্যাৰ সমাধান বিচাৰি ২০০৯ বৰ্ষৰ ১ ডিচেম্বৰৰ পৰা ৰন্ধনীৰ মাননি প্ৰতি মাহে ১০০০ টকা ধাৰ্য কৰা হয়। যদিও কোনো কোনো ৰাজ্যই ৰাজ্য চৰকাৰৰ নিজস্ব ৰাজহৰ পৰা এই নিৰ্ধাৰিত মাননিৰ ওপৰিও ৰন্ধনী আৰু সহায়কক অধিক মাননি প্ৰদান কৰি আহিছে। ছাত্ৰ- ছাত্ৰীৰ বিপৰীতে নিৰ্ধাৰিত  ৰন্ধনীৰ সংখ্যা তলত উল্লেখ কৰা ধৰণৰ-

       ১) প্ৰতি ২৫ গৰাকী ছাত্ৰ- ছাত্ৰীৰ বিপৰীতে এগৰাকী ৰন্ধনী আথবা সহায়ক।

       ২) প্ৰতি ২৬-১০০ গৰাকী ছাত্ৰ- ছাত্ৰী থকা বিদ্যালয়ৰ বিপৰীতে দুগৰাকী ৰন্ধনী ও সহায়ক।

       ৩) ১০০ তকৈ অধিক ছাত্ৰ- ছাত্ৰীৰ বিপৰীতে অতিৰিক্ত এগৰাকী  ৰন্ধনী ও সহায়ক নিয়োগ কৰা।

উত্স-মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়

২০০৫ চনৰ জানুৱাৰী মাহৰ পৰা মধ্যাহ্ন ভোজন আঁচনিখন অসমত ৰুপায়নৰ ব্যৱস্থা কৰা হৈছিল।ইয়াৰ জৰিয়তে সাৰ্বজনীন ৰূপত বিদ্যালয়ত নামভৰ্তি, নিয়মীয়া উপস্থিতি তথা মানৰ উন্নয়নৰ লক্ষ্যলৈ আগবাঢ়িব পৰা যাব বুলি নিশ্চয় আশা কৰিব পাৰি।

২০১৪ চনৰ ১ জানুৱাৰীৰ পৰা অসম চৰকাৰে মধ্যাহ্ন ভোজন আঁচনি ৰূপায়ণৰ দায়িত্ব প্ৰাথমিক শিক্ষা, অসমৰ সঞ্চালকৰ পৰা সৰ্ব শিক্ষা অভিযানলৈ হস্তান্তৰিত কৰিছে। ২০১৪ চনৰ পহিলা জানুৱাৰীৰ পৰা সেয়ে আঁচনিখন সম্পূৰ্ণ ৰূপে সৰ্ব শিক্ষা অভিযানৰ প্ৰত্যক্ষ তদাৰকীত পৰিচালিত হৈ আহিছে।

মধ্যাহ্ন ভোজন কাৰ্যক্ৰমৰ উদ্দেশ্য: 

  • সমাজৰ উপেক্ষিত শ্ৰেণীৰ পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীসকলক বিদ্যালয়লৈ অহাৰ বাবে উত্সাহিত কৰাৰ লগতে শ্ৰেণীকোঠাৰ কাৰ্যক্ৰমত মনোনিবেশ কৰাৰ বাবে অনুপ্ৰাণিত কৰা।

  • খৰাংপীড়িত অঞ্চলৰ প্ৰাথমিক বিদ্যালয় পৰ্যায়ৰ শিশুসকললৈ গৰম বন্ধকালীন সময়চোৱাতো পুষ্টি সহযোগিতা আগবঢ়োৱাৰ লগতে ইয়াৰ জৰিয়তে বিদ্যালয়লৈ যোৱাৰমানসিকতা গঢ়ি তোলা।

Downloads
TitleSizeDetail
Guidelines for Food Safety and Hygiene670.09 KBswf-image
Guidelines for Mid Day Meal Scheme1.34 MBswf-image
Mid Day Meal Rules 2015808.1 KBswf-image
Revision of Cooking Cost w.e.f 1st July 20164.31 MBswf-image
notification_-sampriti_bhojan_mdms.pdf636.27 KBswf-image
publication_handbook_assamese_mdms.pdf124.54 KBswf-image
মধ্যাহ্ন ভোজন