বিৱৰণ
সকলো স্তৰৰ বাবে সমান সুযোগৰ মাধ্যমেৰে গণতন্ত্ৰৰ সামাজিক কাঠামোক শক্তিশালী কৰি তোলাটোৱেই হৈছে সাৰ্বজনীন প্ৰাথমিক শিক্ষাৰ লক্ষ্য। এই লক্ষ্যত উপনীত হোৱাৰ উদ্দেশ্যেই দেশখনে ৰাষ্ট্ৰীয় শিক্ষা আঁচনিৰ জৰিয়তে কেতবোৰ আঁচনি প্ৰস্তুত কৰি সাৰ্বজনীন প্ৰাথমিক শিক্ষাৰ লক্ষ্য উদ্দেশ্যসমূহ পূৰণৰ বাবে চেষ্টা কৰিছে।
২০০৯ চনত বলবৎ হোৱা শিক্ষাৰ অধিকাৰ আইনখনে প্ৰাথমিক শিক্ষাক ৬ বছৰৰ পৰা ১৪ বছৰৰ শিশুসকলৰ বাবে বিনামূলীয়া আৰু বাধ্যতামূলক কৰি দিছে। যাৰফলত প্ৰাথমিক শিক্ষা সমাজৰ সৰ্বস্তৰৰ লোকৰ বাবে হৈ পৰিছে সহজলভ্য। জাতি- ধৰ্ম- বৰ্ণ ভাষাৰ ভেদাভেদ পাহৰি সমাজৰ সকলো স্তৰৰ লোকে নিজ নিজ সন্তানক এক সম মানসম্পন্ন শিক্ষা প্ৰদান কৰিবলৈ সক্ষম হৈছে। শিশুসকলৰ মানসিক বিকাশৰ প্ৰতি অধিক গুৰুত্ব আৰোপ কৰি এই শিক্ষা ব্যৱস্থাক ভয়- শংকামুক্ত কৰি গঢ়ি তোলা হৈছে।
প্ৰাথমিক শিক্ষাৰ সৰ্বব্যাপী প্ৰসাৰ প্ৰচাৰৰ প্ৰতি লক্ষ্য ৰাখিয়েই সৰ্ব শিক্ষা অভিযান ৰূপায়ন কৰা হৈছে।এই অভিযানৰ উদ্দেশ্যই হৈছে প্ৰাথমিক শিক্ষক সমাজৰ সকলো স্তৰৰ বাবেই সহজলভ্য কৰি তোলা, শিশুসকলৰ শৈশিক স্তৰৰ বিকাশ সাধন কৰা আৰু শিক্ষা লাভৰ ক্ষেত্ৰত সমাজত প্ৰৱৰ্তিত সমস্যাসমূহৰ বিশ্লষণ কৰি সেই সমস্যা সমাধানৰ ক্ষেত্ৰত নিৰ্ণায়ক ভূনিকা গ্ৰহণ কৰা। এই উদ্দেশ্য আগত ৰাখিয়েই সৰ্ব শিক্ষাৰ অধীনত নতুন নতুন বিদ্যালয় স্থাপন কৰা হৈছে, লগতে বিদ্যালয়সমূহৰ আন্তঃগাঠনি শক্তিশালী কৰি তোলা হৈছে। বিদ্যালয়সমূহত নতুন শিক্ষক নিযুক্তিৰ উপৰিও তেওলোকৰ বাবে প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ উপৰিও শৈশিক সমল যেনে- বিনামূলীয়া পাঠ্যপুথি যোগান, ইউনিফৰ্ম যোগান সময়ে সময়ে শৈশিক মান উন্নত কৰিবলৈ প্ৰয়োজনীয় সহায় সহযোগ আগবঢ়োৱা হৈছে।
উত্স-http://mhrd.gov.in
১) ৬ৰ পৰা ১৪ বছৰৰ প্ৰতিগৰাকী শিশুৱে বিনামূলীয়া আৰু বাধ্যতামূলক প্ৰাথমিক শিক্ষা লাভৰ অধিকাৰ লাভ কৰিব।
২) ৬ বছৰৰ উৰ্ধৰ কোনো শিশুৱে যদি কোনো কাৰণবশতঃ বিদ্যালয়লৈ যোৱাৰ সুযোগ হেৰুৱাই তেন্তে তেনে শিশুক তেওঁৰ বয়স অনুসৰি যথোচিত শ্ৰেণীত পুনৰ নামভৰ্তিৰ ব্যৱস্থা কৰিব লাগিব।
৩) বিদ্যালয়ত নামভৰ্তিৰ সময়ত শিশুৰ অভিভাৱকৰ পৰা বিদ্যালয় কৰ্তৃপক্ষই কোনোধৰণৰ আগধন জমা ল’ব নোৱাৰিব আৰু অভিভাৱকৰ কোনোধৰণৰ যোগ্যতা নিৰূপণ কৰাৰ পৰা বিৰত থাকিব।
৪) বয়সৰ প্ৰমানপত্ৰ নথকাৰ অজুহাতত কোনো শিশুৱেই বিদ্যালয়ত নামভৰ্তিৰ পৰা বিৰত ৰাখিব নোৱাৰিব।
৫) জাত-ধৰ্ম- বৰ্ণ- ভাষিক ভেদাভেদৰ বাবে অথবা অৰ্থনৈতিক আৰু সামাজিক যোগ্যতাৰ ভিত্তিত কোনো কাৰণতেই যেন কোনো শিশুৱেই বিদ্যালয়লৈ যোৱাৰ পৰা বিৰত নাথাকে।
৬) ৬ৰ পৰা ১৪ বছৰৰ কোনো শিশুকেই কোনো শ্ৰেণীতেই ৰাখি থ’ব নোৱাৰিব।
৭) বিদ্যালয়ত কোনো শিশুকেই শাৰিৰীক অথবা মানসিক আতিশায্য চলাব নোৱাৰিব।
৮) শিক্ষকসকল সময়মতে বিদ্যালয়লৈ আহিব।
৯) বিদ্যালয় বৰ্হিঃভূত শিশুসকলকো বিশেষ প্ৰশিক্ষণ কেন্দ্ৰৰ সহায়ত বিদ্যালয়ত নামভৰ্তি কৰিব লাগিব।
১০) কোনো চৰকাৰী শিক্ষকেই ঘৰুৱা শিক্ষকতাত জড়িত থাকিব নোৱাৰিব।
১১) আইনখনৰ অধ্যায় V ৰ বিধান অনুসৰি বিশেষভাৱে সক্ষম শিশুসকলকো বিনামূলীয়া আৰু বাধ্যতামূলক প্ৰাথমিক শিক্ষাৰ আওতালৈ অনা হৈছে।
১২) এটা শৈশিক বৰ্ষত এগৰাকী শিক্ষকে-i) প্ৰথম শ্ৰেণীৰ পৰা ৫ম শ্ৰেণীৰ ছাত্ৰ- ছাত্ৰীসকলক ২০০ শৈশিক দিন আৰু ৪০০ শৈশিক ঘণ্টা পাঠদান কৰিব লাগিব, ii) আনহাতে ষষ্ট শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীৰ ছাত্ৰ- ছাত্ৰীসকলক ১০০০ শৈশিক ঘণ্টা আৰু ২২০ শৈশিক দিন হিচাপত পাঠদান কৰিব লাগিব।
১৩) এই আইন অনুসৰি প্ৰতি সপ্তাহতে এগৰাকী শিক্ষকে অন্ততঃ ৪৫ ঘণ্টা পাঠদান কৰিব লাগিব। লগতে শিক্ষকসকলে পাঠদান পৰিকল্পনা প্ৰস্তুত, পঢ়ন আৰু শিকন সামগ্ৰী প্ৰস্তুত, মূল্যাংকণ, বিদ্যালয় উন্নয়ন পৰিকল্পনা প্ৰস্তুত আৰু সময়ে সময়ে অভিভাৱকসকলৰ সৈতে আলোচনা আদি কৰিব লাগিব।