বহনক্ষম উন্নয়নৰ লক্ষ্য
বহনক্ষম উন্নয়নৰ প্ৰথম সংজ্ঞাটো আহিছে ব্ৰাণ্টলেণ্ড ৰিপৰ্ট (১৯৮৭)ৰ পৰা য’ত ইয়াৰ ব্যাখ্যা দিয়া হৈছে “বৰ্তমান প্ৰজন্মৰ প্ৰয়োজনীয়তাখিনি পূৰণ কৰিবৰ বাবে ভৱিষ্যত প্ৰজন্মৰ ক্ষমতাৰ আপোচ নকৰাকৈ নিজৰ প্ৰয়োজনীয়তাখিনি পূৰণ কৰাটোৱেই হৈছে উন্নয়ন।”
২০১৫ চনৰ ছেপ্টেম্বৰ মাহৰ ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ এক সিদ্ধান্ত অনুসৰি এক বিভাগীয় কাৰ্যসূচীৰ অন্তৰ্গত আমাৰ বিশ্বৰ ৰূপান্তৰণ – বহনক্ষম উন্নয়ন লক্ষ্য ২০৩০ৰ অধীনত বিশ্বজোৰা উন্নয়নৰ লক্ষ্য বান্ধি দিছে। ২০৩০ৰ এই কাৰ্যসূচীটো হৈছে মানৱ সমাজ, পৃথিৱী আৰু সমৃন্ধিৰ ববে কৰোৱা এটা যোজনা য’ত ১৭টা নতুন বহনক্ষম উন্নয়নৰ লক্ষ্য আৰু ১৬৯টা টাৰ্গেটক লৈ মানৱ জাতি আৰু পৃথিৱীৰ বাবে মহত্ত্বপূৰ্ণ বিষয়সমূহ বিশ্বজোৰা সমুদায়ৰ দ্বাৰা চিনাক্ত কৰি অহা ১৫ বছৰৰ অধিক বিশ্বজুৰি কাৰ্যক্ষম কৰি তোলা। এই বহনক্ষম উন্নয়নৰ লক্ষ্যৰ ধাৰণাটোৰ জন্ম হৈছে ৰিঅ’+২০ৰ ৰাষ্ট্ৰসংঘৰ বহনক্ষম উন্নয়নৰ সন্মিলনত। বহনক্ষম উন্নয়নৰ লক্ষ্যত সন্নিৱিষ্ট সমৃদ্ধ থকা জাতীয় সূচকসমূহৰ বিকাশৰ ভূমিকা, মন্ত্ৰালয়ৰ দ্বাৰা পৰিকল্পনাসমূহৰ ৰূপায়ণৰ তত্বাৱধায়ন কৰা, উন্নয়নৰ লক্ষ্য সাৰ্থক কৰাৰ বাবে ৰাজ্যসমূহৰ লগত সমন্বয় স্থাপন কৰাৰ বাবে নিটি আয়োগক নিয়োগ কৰা হৈছে।
নতুন এজেণ্ডাৰ উদ্দেশ্যে উপলব্ধি কৰি সুনিশ্চিত কৰাৰ কাৰণে বহনক্ষম উন্নয়ন লক্ষ্যৰ আন্তঃসংযোগ আৰু সংশ্লিষ্ট প্ৰকৃতিৰ অত্যন্ত গুৰুত্বপূৰ্ণ গুৰুত্ব আছে। মানৱতা আৰু পৃথিৱী সমৃদ্ধ গুৰুত্বপূৰ্ণ ক্ষেত্ৰবোৰৰ বাবে থকা লক্ষ্য আৰু টাৰ্গেটক অহা ১৫ বছৰৰ ভিতৰত কাৰ্যকৰী কৰা হব।
উন্নয়নৰ ৰণকৌশল আৰু এটা সুষম আৰু সমন্বিত পদ্ধতিৰে বহনক্ষম উন্নয়নৰ সকলো মাত্ৰা অনুসৰণ কৰাৰ কাৰণে ২০৩০ৰ এজেণ্ডাই এটা সামগ্ৰিক দৃষ্টিকোণৰ প্ৰস্তাৱ উত্থাপন কৰিছে। নতুন কাৰ্যসূচীয়ে বহনক্ষম উন্নয়নৰ প্ৰথাগত তিনিটা মাত্ৰা অতিক্ৰম কৰি তলত উল্লেখ কৰা বিষয়সমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে-
১। জনসাধাৰণ – দৰিদ্ৰতা আৰু ক্ষুধাৰ অৱসান ঘটোৱা।
২। গ্ৰহ – ধ্বংসৰ আশংকাৰ পৰা পৃথিৱীক ৰক্ষা কৰা।
৩। সমৃদ্ধি – সকলো মানুহে যাতে সমৃদ্ধিশালী এক সম্পূৰ্ণ জীৱন ভোগ কৰিব পাৰে তাক সুনিশ্চিত কৰা।
৪। শান্তি – মানৱ সমাজক ভয় আৰু হিংসাৰ পৰা মুক্ত কৰি শান্তি বজাই ৰখা।
৫। সহযোগ – সকলো ৰাষ্ট্ৰ, হিতাধিকাৰী আৰু বৃহত্তৰ মানৱ সমাজৰ অংশগ্ৰহণেৰে এটা পুনৰুজ্জ্বীৱিত বিশ্বব্যাপী সহযোগিতাৰ মধ্যমেৰে উল্লেখিত সংহতি বাস্তৱায়িত কৰা।
১৭টা বহনক্ষম উন্নয়নৰ লক্ষ্য হৈছে-
১। দৰিদ্ৰতা নিৰ্মূল।
২। ক্ষুধা নিবাৰণ।
৩। সুস্বাস্থ্যৰ জৰিয়তে পৰয়ালৰ কল্যাণ সাধন
৪। গুণগত শিক্ষা
৫। লিংগ সমতা ৰক্ষা
৬। বিশুদ্ধ খোৱাপানী আৰু অনাময় ব্যৱস্থা
৭। সুলভ আৰু স্বচ্ছ শক্তি
৮। ভাল কাৰ্যৰ জৰিয়তে অৰ্থনৈতিক বিকাশ সাধন।
৯। উদ্যোগ, নতুনত্ব আৰু অভিনৱত্ব
১০। বহনক্ষম চহৰ আৰু সম্প্ৰদায়।
১১। অসমানতা হ্ৰাস কৰা
১২। দায়িত্বশীল সেৱন আৰু উত্পাদন।
১৩। জলবায়ু নিয়ন্ত্ৰণ।
১৪। সাগৰীয় জীৱকূল।
১৫। জীৱন আৰু ভূমি।
১৬। শান্তি, ন্যায় আৰু শক্তিশালী সংস্থা।
১৭। সমেত অংশীদাৰিত্ব আৰু বহনক্ষম লক্ষ্য।
এছ ডি জি ৪ : গুণগত শিক্ষা (QUALITY EDUCATION) : ব্যাপক আৰু ন্যায়সংগত মানৰ শিক্ষা আৰু আজীৱন শিকাৰ সুযোগ প্ৰদান কৰা
লক্ষ্যসমূহ (TARGETS) :
৪.১ ২০৩০ চনৰ ভিতৰত প্ৰাসংগিক আৰু কাৰ্যকৰী জ্ঞানাৰ্জনৰ ফলাফলৰ দিশে আগুৱাই নিবৰ বাবে সকলো ল’ৰা-ছোৱালীয়ে যাতে সম্পূৰ্ণ বিনামূলীয়া, ন্যায়সংগত আৰু গুণগত প্ৰাথমিক আৰু মাধ্যমিক শিক্ষা লাভ কৰে সেইটো নিশ্চিত কৰা।
৪.২ ২০৩০ চনৰ ভিতৰত প্ৰাসংগিক আৰু কাৰ্যকৰী জ্ঞানাৰ্জনৰ ফলাফলৰ দিশে আগুৱাই নিবৰ বাবে সকলো ল’ৰা-ছোৱালীয়ে যাতে সম্পূৰ্ণ বিনামূলীয়া, ন্যায়সংগত আৰু গুণগত প্ৰাথমিক আৰু মাধ্যমিক শিক্ষা লাভ কৰে সেইটো নিশ্চিত কৰা।
৪.৩ ২০৩০ চনৰ ভিতৰত সকলো ল’ৰা-ছোৱালীকে প্ৰাক্-শৈশৱকালীন বিকাশ, যতন আৰু প্ৰাক্-প্ৰাথমিক শিক্ষা লাভ কৰাব লাগে যাতে তেওঁলোকে নিজকে প্ৰাথমিক শিক্ষাৰ বাবে প্ৰস্তুত কৰি তোলে তাক নিশ্চিত কৰা।
৪.৪ ২০৩০ৰ ভিতৰত সকলো পুৰুষ-মহিলাৰ বাবে বিদ্যালয় আৰু বিশ্ববিদ্যালয় সহিতে সুলভ আৰু গুণগত কাৰিকৰী, বৃত্তিমূলক তথা তৃতীয় পৰ্যায়ৰ শিক্ষাৰ সমান সুযোগ প্ৰদান কৰা।
৪.৫ ২০৩০ৰ ভিতৰত শিক্ষাৰ ক্ষেত্ৰত থকা সকলো ধৰণৰ লিঙ্গ বৈষম্য দূৰ কৰি সমাজৰ অৱহেলিত, দুৰ্বল শ্ৰেণীৰ লগতে খিলঞ্জীয়া লোকসকলৰ বাবেও বৃত্তিমূলক শিক্ষাৰ সমান সুযোগ প্ৰদান কৰা।
৪.৬ ২০৩০ৰ ভিতৰত সকলো যুৱক-যুৱতী আৰু পুৰুষ-মহিলা উভয়ৰে প্ৰাপ্তবয়স্ক বিদগদ সমানুপাতে যাতে সাক্ষৰতা আৰু সংখ্যাসূচকতা অৰ্জন কৰিছে তাক নিশ্চিত কৰা।
৪.৭ ২০৩০ৰ ভিতৰত শিক্ষাৰ মাধ্যমেৰে বহনক্ষম উন্নয়নৰ বিকাশ জীৱনধৰা, মানৱ অধিকাৰ, লিংগৰ সমতা, শান্তি আৰু অহিংসাৰ এক সাংস্কৃতিক প্ৰচাৰ, বিশ্বব্যাপী নাগৰিকত্ব আৰু সাংস্কৃতিক বৈচিত্ৰ্যৰ প্ৰশংসা আৰু বহনক্ষম উন্নয়নৰ ক্ষেত্ৰত সংস্কৃতিৰ অৱদানৰ বাবে সকলো শিক্ষাৰ্থীয়ে জ্ঞান আৰু প্ৰয়োজনীয় দক্ষতা অৰ্জন কৰাটো নিশ্চিত কৰা।
৪(ক) শিশু, বিশেষভাৱে সক্ষম আৰু লিংগ সংবেদনশীলৰ বাবে শিক্ষাৰ সুবিধাসমূহ প্ৰৱৰ্তন কৰা আৰু ইয়াৰ উন্নয়ন সাধন কৰাৰ লগতে সকলোৰে বাবে নিৰাপদ, অহিংস, সমেত আৰু এক কাৰ্যকৰী শিক্ষাৰ পৰিৱেশ গঢ়ি তোলা।
৪(খ) ২০২০ চনৰ ভিতৰত সমগ্ৰ বিশ্বৰ উন্নয়নশীল ৰাষ্ট্ৰ, আৰ্থিকভাৱে পিছ পৰি থকা অনুন্নত ৰাষ্ট্ৰ আফ্ৰিকা মহাদেশৰ দেশসমূহৰ বাবে আৰু ক্ষুদ্ৰ দ্বীপ ৰাষ্ট্ৰসমূহত উচ্চশিক্ষাৰ নিমিত্তে আৰু বৃত্তিমূলক শিক্ষা, তথ্য আৰু যোগাযোগ শিক্ষা, কাৰিকৰী আৰু অভিযান্ত্ৰিক শিক্ষা আৰু বৈজ্ঞানিক আঁচনি প্ৰণয়নৰ স্বাৰ্থত উন্নয়নশীল ৰাষ্ট্ৰ আৰু আন আন উন্নত ৰাষ্ট্ৰসমূহত এই পৰ্যন্ত উপলব্ধ আৰ্থিক বৃত্তিৰ পৰিমাণ বৃদ্ধি কৰা।
৪(গ) বিশেষকৈ অনুন্নত আৰু ক্ষুদ্ৰ দ্বীপ ৰাষ্ট্ৰসমূহ আৰু উন্নত দেশসমূহত আন্তৰ্জাতিক সহযোগিতাৰ মাধ্যমেৰে শিক্ষকসকলৰ প্ৰশিক্ষণৰ জৰিয়তে যোগ্য শিক্ষকৰ সংখ্যা উল্লেখনীয়ভাৱে বৃদ্ধি কৰা।